Proverbs 12

1যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়;

কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।
2শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়;
কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।

3কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়;

কিন্তু সত্যতাত চলা জনৰ মুল লৰচৰ নহব।
4গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে;
কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰি ৰোগ যেন হয়।

5সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়;

কিন্তু দুষ্টলোকৰ উপদেশ প্রতাৰণাপূৰ্ণ।
6দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়;
কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।

7দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়;

কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।
8মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়;
কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।

9গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল;

খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহঙ্কাৰ কৰে।
10যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে;
কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।

11যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়;

কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞান শূন্য।
12দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাঙ্ক্ষা কৰে;
কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।

13পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;

কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
14মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়;
তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।

15অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ;

কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।
16অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই;
কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।

17যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;

কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
18যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে;
কিন্তু জ্ঞানী লোকৰ জিবাই সুস্থতা আনে।

19সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে;

কিন্তু মিছা কোৱা জিবা ক্ষন্তেকীয়া।
20কুকল্পনা কৰা সকলৰ মনত প্রতাৰণা থাকে;
কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।

21সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে;

কিন্তু দুষ্টলোক সমস্যাৰে পৰিপুৰ্ণ হয়।
22মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া;
কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক অনন্দিত কৰে।

23দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে;

কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।
24পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব;
কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।

25মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে;

কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।
26সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়;
কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।

27এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে;

কিন্তু পৰিশ্ৰমী লোকে মুল্যবান সম্পত্তি লাভ কৰে।
যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়;
আৰু এই পথত মৃত্যু নাই।
28

Copyright information for AsmULB